অতিকৈ চেনেহৰ
বহাগৰ বিহুটি,
অনুপম নৱ ৰূপত
জিলিকিছে প্ৰকৃতি।

গৰু বিহুৰ
নতুন পঘা আঁৰি,
হুঁচৰিৰ তালে তালে
জীৱন সংগিনী বিচাৰি।

ডাঙৰক কৰি
সেৱা সৎকাৰ,
পাওঁ আশীৰ্বাদ
আইতা-ককাৰ।

লাড়ু-পিঠাৰে কৰো
ওৰে দিনটো উপভোগ,
চেনেহীৰ পৰা বিহুৱান
লবলৈ পাওঁ সুযোগ।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *