গভীৰ ভয়াবহতা লৈ
সমাগত হ’ল ২০২০ চন|
মানুহৰ মনত কেৱল
শংকা আৰু শংকা|
বাহিৰলৈ ওলাবলৈ ভয়
ক’ৰোণা ভাইৰাচৰ ৰণচণ্ডী ৰূপ,
ভিতৰত তলি উদং|
ভোকত কেচুৱাই কান্দিছে;
কিন্তু খুৱাবহি কি?
সকলোতে চলি আছে যে
ল’কডাউন|
শাৰীৰিক চিন্তাতকৈ
জুৰুলা কৰিছে মানসিক চিন্তাইহে;
পেটৰ ক্ষুধা বাৰণ কৰিবলৈযে
নাই কোনো আৰ্জন|
জোৰজুলুমকৈ ওলাই গ’লেও
পুলিচৰ পিটন|
মোখোৰা নলগালে ভৰিব লাগিব শকত ধন।
ঘৰৰ ভিতৰত পেপুৱা লাগিছে জনগণ,
ভিতৰত নাই খুদ-কণ;
বহিঃৰাজ্যত বন্দী হৈছে
আত্মীয়-স্বজন|
পেটত ক্ষুধা অন্তৰত জুই,
কেনেকৈ কৰিব নিৰ্বাপণ?
কেউফালে মৃত্যুৰ কৰিলি,
ওচৰলৈ যাব নোৱাৰে
আত্মীয়-স্বজন|
ভয়াবহতা,ভয়াবহতা কেৱল
ভয়াবহতাৰ ছবি|
বাৰে বাৰে চলিছে
ল’কডাউন আৰু ল’কডাউন|
ভিতৰতে সোমাই শিল্পী-সাহিত্যিকে
কৰি গৈছে মূল্যাংকণ;
হাততযে আহি পৰিছে
অফুৰন্ত সময়
কৰিবলৈ চিত্ৰাংকণ|
কা-কেবকলৈ যি আন্দোলনৰ
পৰিস্থিতিৰ সৃষ্টি হৈছিল
ক’ৰোণাৰ বৰষুণে
সকলো নিঃশেষ কৰি দিলে,
পাঁচজন শ্বহীদৰ
আত্মাইও শান্তি নাপালে|
ভয়াৰ্ত হৈয়েই দিনৰ পিছত দিন গ’ল,
মাহৰ পিছত মাহ বাগৰিল,
২০২০ৰ অন্তীমক্ষণ
সমাগত হ’ল;
নতুন২০২১ ক চনক
আদৰণি জনাবৰ হ’ল|

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *