অংগীকাৰ কৰিছো
সুৰুযৰ প্ৰথম প্ৰহেলিকা
হৃদয়ত ৰঙা দলিচা পাৰি
হৃদয়ৰ দুৱাৰ খুলি
আদৰি আনিম
তোমাক।


তেজ ৰঙা——-
গোলাপৰ সুগন্ধিৰে
বিয়পি পৰিব মোৰ
হৃদয়ৰ চৌপাশ।
অনুৰাগ——–
এন্ধাৰ কোঠাত জ্বলাম প্ৰদীপ,
উজ্জ্বলি উঠিব তোমাৰ
তেজাল মুখৰ গাল,
প্ৰফুল্লিত হ’ব তোমাৰ
মনৰ আকাংক্ষা।


শেষ প্ৰহৰত——-
পলাশৰ ৰঙেৰে পাতিম
ন বসন্তৰ মেলা, তুমি মোৰ
হৃদয়ৰ উদ্দীপ্ত, বাসনা !
দুয়ো মিলি পাতিম
প্ৰথম প্ৰেমৰ
বতৰা।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *