ৰাভাদেৱৰ সমন্বয়ৰ স্বপ্ন

ৰাভাদেৱৰ গীত কবিতা নাটকত
সংগ্ৰামৰ প্ৰচণ্ড লহৰ,
শোষিত জনতাৰ প্ৰাণত
জাগ্ৰত জুই বিপ্লৱৰ।

কৃষক-শ্ৰমিক একত্ৰ বলেৰে
সমাজৰ আমূল পৰিৱৰ্তন,
সুস্থ সবল সমাজ প্ৰতিষ্ঠা
ৰাভাদেৱৰ জীৱন দৰ্শন।

ৰাভাদেৱৰ সমন্বয়ৰ স্বপ্ন
এতিয়া ছিন্ন বিচ্ছিন্ন হ’ল,
নগা-খাচী-মিজো আদি
অসমৰ পৰা বিভক্ত হ’ল।

ৰাভাদেৱৰ মহান আদৰ্শক
সহৃদয়ে সৰোগত কৰি,
জনগোষ্ঠীৰয় লোকক মৰ্যাদা
দিওঁ বাধাৰ প্ৰাচীৰ তৰি।

তেতিয়াহে থাকিব বৈচিত্ৰময়
অসমভূমি সপোনৰে,
জনগোষ্ঠীৰ অস্তিত্ব ৰক্ষা
ঐক্য-সম্প্ৰীতি এনাজৰীৰে।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *