তুমি-মই গোৱা গীতবোৰ
ধুমুহাৰ ডেউকাত
উৰি গুচি গ’ল
থাকি গ’ল কোনোবা সিপাৰে পৰি,
হুমুনিয়াত পমি গ’ল নিয়তিৰ চকুলো নোৱাৰিলোঁ ৰাখিব ধৰি ৷
মেঘৰ কুঁৱলী ফালি
উৰি গুচি গ’ল, ডুখৰীয়া হাঁহি
সাঁচি থব নোৱাৰিলোঁ মোৰ
কলিজাত ফুলা ফুল পাহি৷
ঢাকি থলোঁ মাথোঁ
দুচকুৰ এধাৰি লোটক৷
চকুৰ পানীৰে মচিথব নোৱাৰিলোঁ
মোৰ জীৱন বাটৰ খোজ৷
বুকুত ঘাঁ লৈ কিমান বজাম বাঁহী
বৈ যায় চকুলোৰ ধাৰ,
অজস্ৰ বাৰিষাই বুৰাই পেলায়
মোৰ মন নদীৰ পাৰ৷
মাটিৰ চাকিত শলিতা জ্বলাই থাকি
পামনো কি, তুমি নাই মোৰ কাষত ,
কোনে দিব আজি একাজলি পানী
মোৰ মৰহি যোৱা মনৰ মাজত?
তোমাৰ মৃত্যু দিন ধৰি
অকণো ভাল লগা নাই মোৰ
ৰাতি সদাই দেখোঁ তোমাৰ সপোন ,
য’তে আছা তুমি
কুশলে থাকিবা মোৰ সোণ!
তুমি আকৌ উভতি নহা কথা ভাবিলে
ভাগি যায় বুকু মোৰ শোকত,
অবুজন মনে মোৰ বুজনি নামানে
তুমি ঘূৰি অহাৰ আশাত বাট চাই-থাকে,
তোমাৰ মৃত্যুত দিনা ওলায় যোৱা মোৰ পদূলী মুখত৷