আবেলি আবেলি গোন্ধটো বুকুত লৈয়েই
এমুঠি নিশ্চল বতাহ সাৱটি
ৰাতিৰ বুকুলৈ আগবাঢ়ে অৰুণগৰ্ভা পৃথিৱী।
দুবৰিৰ কোমল নিৰ্যাসে তিয়াব নোৱাৰা
ক্লেদান্ত,মোহান্ধ,বিমৰ্ষ পৃথিৱী।
অশ্ৰুকন্যাৰ অশ্ৰুৰ বন্যাত,
ছাঁই সমাধিৰ অৱক্ষয়ৰ দোমোজাত,
এখন মৰুভূমি আগবাঢ়ে
ক্ৰমশঃ গ্ৰাস কৰে ৰৌদ্ৰস্নাত ধৰিত্ৰী।
ক্ৰোধ আৰু প্ৰতিহিংসাৰ দাবানলত,
এআঙুল জীপাল মাটিৰ তলত
সমাধিস্থ হয় মানৱতাৰ সেউজ সম্ভাৰ।
মাতৃত্বক উলংগ কৰি চিতাভষ্ম সাজে,
জাহ যায় ছাঁয়াঘন কুঁৱলিৰ বালিচৰত
আলোক নৃত্যৰতা তটিনী তনয়া।
সগৰ্ভা পৃথিৱীৰ উচুপনি তল যায়,
বুকুৰ মৰুত গজে শেলুৱৈৰ কংক্ৰীট অৰণ্য।