ফাগুনৰ মায়াসনা ৰাতি
কাৰ হৃদয় বীণাৰ সুৰে
আমনি কৰে!
জোনাকৰ বুকুতো জ্বলে
উটনুৱা ফাগুনৰ ৰঙা জুইকুৰা।
বিৰহী কবিক আকুল কৰে
পলাশী প্ৰেমৰ গুণগুণনিয়ে।
কবিৰ বুকুৰ নিৰলা ঘৰত
তেজৰঙী শব্দই মিছিল পাতে
ৰিক্ত প্ৰাণত সানি দিয়ে
ৰামধেনু ৰঙৰ আবিৰ!
চঞ্চলা বতাহজাকেও
মনে মনে জোকাই থৈ যায়
ধূসৰিত বাটে বাটে
স্মৃতিৰ পৰশ বোলাই
লাজৰ ওৰণি গুচাই
নিজানে গোপনে
ৰক্তিম বাসনা জগায়!