সেই সকল নহয় প্ৰকৃত কবি
যি আত্মগৌৰৱান্বিত পদধ্বনি কৰি
ইৰ্ষা অৰ্থ চক্ৰান্তৰে সন্মান ফুৰে বিছাৰি
আনক তুচ্ছ তাৎচিল্যৰে সমালোচনা কৰি
হকে বিহকে অহৰ্নিশে থাকে দোষ খুচৰি
বাগৰাই বাগৰাই ঠাট্টা নিক্ষেপনিমৰ্জিত হাঁহি

উচ্চ স্তৰৰ কবি বুলি জহমাৰি
অন্যায় অধৰ্ম নিৰ্লজ্ব অশ্লীলতাৰে
নিজকে বিখ্যাত ব্যক্তি বুলি প্ৰচাৰ কৰি
যি ফুৰে সমাজত দুৰ্নীতিৰে অৰিয়া অৰি কৰি
সেই সকল নহয় প্ৰকৃত কবি

পৃথিৱী প্ৰকৃতি আৰু প্ৰকৃত মানুহ গঢ়ি
সত্য সুন্দৰ সৌন্দৰ্যমণ্ডিত বিনম্ৰতা সিঁচি
প্ৰকৃতিক সাৱতি লৈ
মানুহৰ মাজত মানুহ হৈ
জীয়াই থাকিব নিবিচাৰি
যি চলচাই বোৱাই দুৰাচাৰী দুৰ্নীতি
সেই সকল কোনো যুক্তিতেই নহয় কবি

সেই সকলেই কবিত্বৰে দেৱত্ব আৰ্জিব নোৱাৰি
গোপন পথেৰে পশুত্বক লৈ আদৰি
আন্ধাৰৰ সতীৰ্থ হৈ সমাজত আন্ধাৰ সিঁচি
কবিত্ব পশুত্ব একাকাৰ কৰি
সমাজত হ’ব খোজে সন্মানীয় কবি

প্ৰজ্ঞাণোচ্ছল অনুসন্ধানেৰে চোৱা যদি
দেখিবা বুজিবা কবিৰ প্ৰকৃত সূৰ্য্যোজ্বল ছবি
অনুভৱ কৰিবা আত্মধ্যান প্ৰজ্জ্বলিত কৰি
প্ৰকৃত কবি অন্তৰে বিছাৰে মানুহ আৰু প্ৰকৃতি
তেওঁৰ নাই কোনো ধৰ্ম ভাষা জাতি
সৃষ্টিশীলতাৰে উৎসাহী উন্মুক্ত পথৰ পথিক তেওঁ
অমূৰ্ত কৈৱল্যব্যাপ্ত প্ৰজ্ঞানোচ্ছল প্ৰেম সমৃদ্ধ
সৰ্বাঙ্গসুন্দৰ অখন্ড শৈল্পিক তৰঙ্গযুক্ত
বসন্তমণ্ডিত প্ৰাণোচ্ছল পৃথিৱী গঢ়াৰ শিল্পী

অনস্বীকাৰ্য সত্য ধৰ্ম প্ৰেম সৰলতায়েই
সৰ্বকালে প্ৰকৃত কবিক সুৰক্ষাৰে ৰাখে আবৰি
আদৰ্শ আস্তীৰ্ণ সজ্জ্বল সহৃদয়তা সিঁচি
জন মানস জিনি মানুহৰ মাজত জীয়াই থাকিব বিছাৰি
গঢ়িবখোজে প্ৰেমশান্তিৰ পৱিত্ৰ প্ৰদীপ্ত পৃথিৱী
অহৰ্নিশে ঐকান্তিক অহোপুৰুষাৰ্থ কৰি

অনন্ত অক্ষয় সচ্চিদানন্দসচেষ্ট প্ৰেম সমৃদ্ধ
সজ্জ্বল সেউজ উৎকলিত সাধনা নিমগ্ন
সদাচাৰী বিনয়ী স্মিতব্যক্তিত্বৰে সমাদিত
সত্য সুন্দৰ উচ্ছল মাধুৰ্য্যামৃতেৰে বিভূষিত
নিত্য শান্ত অশান্ত তেঁৱেই প্ৰকৃত কবি

সেই সকল নহয় প্ৰকৃত কবি
যি সকলে স্ব-ইৰ্ষা হিংসাক পৰাধীন কৰি
নোৱাৰে দিব ধুলিচাৎ কৰি
আনৰ সৃষ্টিক স্বীকৃতি প্ৰদান কৰি
আত্মিক আনন্দ অন্তৰত নেপায় বিছাৰি
কথাই কথাই পাহৰি যায় কবিৰ আদৰ্শ
অনুভৱ কৰিব নোৱাৰে শিল্পৰ মহত্ব
আনৰ কৰ্মক দিব নোখোজে মূল্য
বাস্তৱত বিচৰণ কৰে হৈ স্বাৰ্থান্ধ

অজস্ৰ কবিতা লিখিলেও হ’ব নোৱাৰে কবি
যদিহে তেওঁৰ অন্তৰত অনিৰ্বাণ নুথে জ্বলি
সত্য প্ৰেম সুন্দৰ মাধুৰ্য্যময়ী মানৱতাৰ ছবি
সত্য প্ৰেম ন্যায় ধৰ্ম মানৱতা সুন্দৰৰ
স্বতঃস্ফূৰ্ততাৰে নহয় যি নিৰন্তৰতানিষ্ঠ পূজাৰী
সৃষ্টি স্থিতি শৈল্পিক সুন্দৰৰ ৰহস্যভেদ্য
গূঢ় গ্ৰাঢ় তাত্ত্বিক সাত্ত্বিক দৰ্শনাত্মক প্ৰজ্ঞাৰ
মহত্ত্বমণ্ডিত মহাৰ্ণৱী অৰ্থ নেপাই বিছাৰি
সেই সকল নহয় প্ৰকৃত কবি

কাবিত্ব কৰ্ষণব্যাপ্ত কাব্যিক জীৱন
বাস্তৱ জীৱন সমাজ জীৱন ব্যৱহাৰিক জীৱন
একেধাৰে নবয় যদি বিনম্ৰতাৰে কুলুকুলু কৰি
সেই কবি নহয় কবি
নহয় নহয় মানৱ বৰেণ্য কবি

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *