“মৃত্যুৰ চিঞৰ”

আগতে শুনিছিলোঁ
কিতাপ-পত্ৰত পঢ়িছিলোঁ
এতিয়া স্বচক্ষে দেখিছোঁ
মৃত্যুৰ চিঞৰ
চৌদিশে ৷
তুমিও শুনিছা
ময়ো শুনিছোঁ
এইয়াই নেকি মৃত্যুৰ বিভীষিকা

মৰিম এদিন
সঁচা কথা
কিন্তু এনেকৈনো মানুহ মৰে
মৰিবৰ মন নাই মোৰ
এই দৰে, এনেকৈ
মৃত্যুৰ ভয় জাগিছে মোৰ৷
মই মোৰ অন্তৰ-আত্মাত
এতিয়া নিজেই শুনিছোঁ৷
মোৰ মৃত্যুৰ চিঞৰ৷

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *