তই কুশলে থাকিবি আই
মনত পৰে মোৰ তোলৈ সঘনাই
তই কুশলে থাকিবি আই।
দানৱৰ মাজত
চৰনীয়া পথাৰত
অকলশৰে
মোক এৰি গলি তই আই।
বিষাক্ত কীট বোৰে
বুকুত কামুৰিলেও
যন্ত্ৰণা বেদনা লৈ
মুখত হাঁহি চকুত সুখৰ আৱৰণ লৈ
আছো মই নীৰৱে জীয়াই।
তোৰ আবিহনে আজি
নাই মোৰ কোনো আপোন
তই আছ দূৰণিৰ বাটত।
চেনেহৰ বঞ্ছিত
নিঠৰুৱা আই মই
বিষাদে আৱৰি ধৰে মনত ।
সোণৰ কাঁহীত ৰূপৰ চামুচেৰে
আই তই খোৱাইছিলি ভাত
তোৰ অবিহনে উজাগৰে পাৰ কৰোঁ
এতিয়া খাব নোৱাৰো যে
এমুঠি সুখৰ ভাত।