জোতা আছে মোজা আছে
আৰু আছে টুপি,
ঠান্ডাত ঘূৰি ফুৰি
কিয় আছা কঁপি?

ৰুটি আছে ভাজি আছে
আৰু আছে মিট (মাংস),
এই খিনি খাই লৈ
গোৱা এটি গীত ৷

মোনা আছে কিতাপ আছে
আৰু আছে কলম,
তাকে লৈ পঢ়াশালিলৈ যোৱা
নকৰিবা পলম ৷

মা আছে দেউতা আছে
ভাত আছে গৰম,
পঢ়াশালিলৈ সদায় যাবা
মাৰে কৰিব মৰম ৷

ডাঙৰৰ কথা শুনিবা
শিক্ষাগুৰুক কৰিবা সেৱা,
ভাই-ভনীক মৰম কৰিবা
খাব পাবা চেৱা ৷

সময়ৰ কাম সময়ত কৰিবা
নকৰিবা চৰম,
মা-দেউতাক সেৱা কৰিলে
পায় আচল ধৰম ৷

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *