মই মুকবধিৰ। ভগৱানে মোক কিয় ইমান ডাঙৰ শাস্তি বিহিলে মই নাজানো। ইজনে সিজনৰ লগত হাঁহি-মাতি কথা পাতিলে মই কিবা হৈ যাওঁ। মইওতো এটা সময়ত এনেকৈয়ে হাঁহি-মাতি কথা পাতিছিলো। মনত পৰিলে দুখতে ভাগি পৰোঁ।
মোৰ অষ্টম বৰ্ষৰ জন্মদিন আছিল সেইদিনা। মা-পাপাই মোৰ জন্মদিনৰ কেক আৰু অন্যান্য বস্তু আনিবলৈ বজাৰলৈ ওলাই গৈছিল মোক মামা-মামীৰ লগত থৈ। মই বৰ আগ্ৰহেৰে বাট চাই আছিলো মা-পাপা অহালৈ।
মা-পাপা আহিলে। জীৱন্ত হৈ নহয় ,তেজেৰে তুমৰলী হৈ মৰাশ হৈ।
সেই দৃশ্য দেখি মই মুক হৈ পৰিলো ; এতিয়াও মই মুকবধিৰ।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *