শুনিছানে তুমি
বাহিৰ মৌ মিঠা সুৰ?

শুনিছাঁ তুমিও
কিয়নো বাঁহীৰ নিভাঁজ মাদকতা
সকলোৰে প্রিয় এক শিহৰণ অনুভূতি

বাঁহীৰ মনোৰম সুৰক যে
কেন্দ্ৰ কৰি মই
ভাষাৰে বহু কথাক ৰচিছিলোঁ
তোমাৰ প্ৰেমৰ ভাষাৰে
কিয়নো মোৰ হৃদয়ত তুমি আছিলা
সহানুভূতি…

আজি উদং হৈ পৰিছে মোৰ বুকু
হতাশাত ভুগিছে মোৰ বাসনা
শুনিছানে তুমি
ভগ্ন মোৰ উচ্চাকাংক্ষা আজি সৰলতা
যেন চিঁয়ৰী উঠিম পৰাজয় আৱেগত
স্তব্ধ হৈ পৰা বাঁহী লহৰ
জবণিকা জোকাৰণিত পৰিৱৰ্তন হোৱা

মোৰ প্ৰেমৰ!

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *