দিন নাই ৰাতি নাই
কত যে পুৰো মই মৰাশ
কাৰোবাৰ শৰীৰৰ খণ্ড খণ্ড
কাৰোবাৰ আকৌ হানি খুচি মাৰি অনা
কটা চিঙা অৱশিষ্ট খিনি
জুইয়ে আধা পুৰা কৰা
কংকালখিনিও মই য়ে জ্বলাও
আজি মোৰ হাত অচল হৈছে
মনৰ কোমলতাও কেতিয়াবা ই শেষ হল
পৰিয়ালৰ কান্দোনৰ ধ্বনি মোৰ
আচহুৱা নলগা হল
চকুৰ পানীৰ কাৰণো নুবুজা হৈ আহিলো
কিছু নিৰৱ সময়ত ভাৱ হয়
কোনে বা মোৰ শৰীৰটো এনেদৰে জাপিব?
খৰি কেইদাল বা আনিব কোনে?
মোৰহৈ কান্দিব বা কোনে?
ভাৱৰ বুৰবুৰণি শেষ নৌহওঁতেই
আকৌ কান্দোনৰ ৰোল
এইবাৰ আকৌ আহিল
কোনোবা বলৎকাৰীৰ বলি হোৱা
কণমাণি এজনী ৰ নিঠৰ দেহ
মোৰ কিন্তু হিয়া নগলিল
কাৰণ মই যে অভ্যস্ত
কাৰ হৈ কান্দিম মই?
কান্দিবৰ কাৰণেই বা কি?
মোৰ কৰ্ম ই ধৰ্ম বুলি নিষ্ঠাৰে কৰি যাও
চকুৰ পানী মোৰ নোলাব পাৰে
মই জীয়াই থকা জগতখন পৃথক হব পাৰে
কিন্তু মই তো নোৱাৰিম তহঁতৰ দৰে
হানি খুচি জীৱিত এজনক হত্যা কৰিব
নোৱাৰিম মই সন্তানৰ দৰে শিশুৰ ওপৰত
মোৰ দেহতো এৰি দিব
মোৰ সমাজেই মোৰ আজি প্ৰিয়
শেষ বাৰৰ বাবে মই হাত ফুৰাই
শেষ বিদায় তো দিব পাৰিছো
নাই নাই মোৰ জগতখনেই মোৰ অতি প্ৰিয়।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *