হিয়া ৰিক্ত হৈ পৰে,
হেৰাই যোৱা জন মনত পৰিলে,
হিয়া ৰিক্ত হৈ পৰে,
সোনালী অতীত স্মৰণ কৰিলে ৷
হিয়া ৰিক্ত হৈ পৰে,
আইৰ বুকুৰ উমাল বিচাৰি,
হিয়া ৰিক্ত হৈ পৰে,
দেউতাৰ শাসনৰ ধমক সুঁৱৰি ৷

হিয়া ৰিক্ত হৈ পৰে,
বিচাৰি আইতাৰ নিচুকনিৰ কলি,
হিয়া ৰিক্ত হৈ পৰে,
শুনিবলৈ ককাৰ মুখত পৰীৰ কাহিনী৷

হিয়া ৰিক্ত হৈ পৰে,
পঢ়াশালিৰ স্মৃতিৰোমান্থৰ কৰি,
হিয়া ৰিক্ত হৈ পৰে,
ভাবিলেই শৈশৱৰ অযুত ধেমালি ৷

হিয়া ৰিক্ত হৈ পৰে,
মনত পৰিলে সন্ধিয়াৰ শংখ ধ্বনি,
কাহানিবা ঘুৰাই পাম জানো,
সৌ সোঁনালী অতীতৰ মাধুৰী ৷

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *