সকলোকে কৰি একাকাৰ
নাই দিন নাই ৰাতি।
যেন বৰষুণত তেওঁ
এক বহল ছাতি।
সন্তানৰ পহিলা খোজত
আনন্দৰ হাঁহি নিগৰে,
সন্তানৰ বিফলতাত
দেউতাৰ চকুলোও সৰে।
যন্ত্ৰ সদৃশ দেউতাই
কৰে সকলো অভাৱ পূৰণ,
সমস্যাত উপস্থিত
কৰে সকলো সংকট মুচন।
সহি সহি থাকে
নিমাত জীৱনৰ যাতনা।
সন্তানৰ খাতিৰত
ত্যাগে সকলো বাসনা।
জীৱন যুদ্ধত যোগায়
অফুৰন্ত অনুপ্ৰেৰণা।
দেউতাই সন্তানৰ আকাশৰ
ৰামধেনু জিলিকায় ,
আজীৱন সন্তানক
স্ব-নিৰ্ভশীলতা শিকায়।
সন্তানৰ স্বাৰ্থত কৰে
সকলো জীৱন অৰ্পণ ,
দেউতাৰ যোগে উপলব্ধি
সন্তানৰ জীৱন দৰ্শন।
সন্তানৰ জীৱন যদি
হয় দেউতা-হাৰা ,
সকলোৱে হব বিচলিত
হব পথভ্ৰষ্ট দিশহাৰা।
দেউতাক লৈহে সন্তান
লভে জীৱনত কৃতাৰ্থ,
দেউতাৰ আধাৰতে
অৰ্জে জীৱনৰ প্ৰকৃতাৰ্থ।
![](https://media.bishal.cyou/file/q_80/SahityaChorcha/1-133.jpg)