গছৰ কোমল কুঁহিপাত
সুৰঞ্জিত বিভূষণত,
কবিৰ হিয়া উৎফুল্লিত
কুলি-কেতেকীৰ মধুসুৰত।

নাহৰ-তগৰ সুগন্ধিত
বসন্তৰ আগমনত,
ৰঙালী বিহুৰ পালন
কপৌৰ সুবাসত।

উজাগৰ শীতনিদ্ৰা প্ৰাণী
নিদ্ৰাৰ অন্ত,
সকলো ঋতুৰ ৰজা
ঋতুৰাজ বসন্ত।

অপাৰ মনোমোহা ৰূপ
প্ৰকৃতিৰ বিভূতি,
ৰসাল হৃদয়াৱন
বসন্তৰ অনুভূতি।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *