তুমি কুশলে আছা বাবেই হয়তো
মইও কুশলে আছোঁ ।

প্ৰিয়া তোমাৰ বতৰা মই
সুধিছিলোঁ মোৰ উশাহক ।

ধপ ধঁপাই বাজি উঠা মোৰ উশাহৰ
স্পন্দন পাই মই গম পালোঁ তুমি কুশলে আছা ।

তুমি আছা বাবেই হয়তো
মোৰ উশাহহতো স্পন্দন আছে ।

জানা নে প্রিয়া কপৌ ফুলিলেই ,
কুলি , কেতেকীয়েও মিঠা মাতত
গীত গাবলৈ ললেই
কিন্তু ,
মোৰ হৃদয়ৰ কপৌ পাহ এতিয়াও ফুলা নাই,
তোমাৰ অপেক্ষাত আজিও
ৰৈ আছে আধা ফুলাকৈ ।

ব্যস্ত চহৰৰ যান্ত্ৰিক সভ্যতাৰ
যান্ত্ৰিকতাৰ মাজত তুমি হেৰাই গৈছাঁ নেকি?

নে হেৰাই যোৱাৰ অভিনয় কৰিছা ।

তাঁতৰ শালৰ খিত খিতনিত যে
তোমাৰ টোপনি ভাঙিছিল বুলি
মিছাতে কৈছিলা আৰু মোৰ
লগত তুমি যুঁজিছিলা।

মই তেতিয়াও গম পাইছিলোঁ
খংটো তোমাৰ মাথোঁ এটি অছিলা
আছিল অভিমানৰ ।

তুমিও গম পাইছিলা তোমাৰ
অভিমান যে মোৰ প্ৰিয় ।

আজিও মই জানো তোমাক !

আনৰ চকুত তুমি এটা জটিল অংক হলেও
মোৰ বাবে তুমি এটি সহজ সূত্ৰ ।
তোমাৰ মৌনতাত লুকাই থাকে হাজাৰ প্ৰশ্ন !

ব্যস্ত চহৰত ব্যস্ততা এটি মাথোঁ অছিলা ,
তুমিযে আজিও গাঁৱলীয়া ।

দামী ব্ৰেণ্ডৰ কাপোৰ , ঘড়ী অথবা বিলাসী
পাৰ্ফিউমতকৈ আজিও তোমাৰ প্রিয়
মই দিয়া আশী সূতাৰ বিহুৱান খন ।

তুমি কেতিয়া আহিবা প্ৰিয়া
মোৰ ঘিলা খোপাত কপৌফুল পিন্ধাবলৈ!!

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *