নিৰৱ নিস্তব্ধ
আৰু অন্ধকাৰ…
মনিব নোৱাৰা এটি
ক্ষীণ আশাৰ
ৰশ্মি ৰ মাজতেই
হেৰাই যোৱাৰ হেঁপাহ
মনলৈ অহা এটি শব্দ
অবাস্তৱিক যেন লাগে
বাৰুকৈ আমনি কৰে!
অতীতলৈ ৰমন্থন কৰে!
জিৰ জিৰ কৈ…..
নিজৰাৰ প্ৰতিধ্বনি আৰু
স্বচ্ছ পানীয়ে
তোমাৰেই প্ৰতিবিম্ব
ফলিত কৰে!
নিবিড় আকৰ্ষণ যেন লাগে!

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *