সঘনাই ভূমিকম্পিত
জনসাধাৰণ শংকিত,
ভূমিকম্পৰ তাণ্ডৱ
অসমবাসী আতংকিত।

মাৰিছো বাহিৰলৈ দৌৰ
সন্ধান সুৰক্ষিত আশ্ৰয়,
নোৱাৰিছো উভতিব ঘৰত
বুকুত কম্পনৰ ভয়।

চিঞঁৰি চিঞঁৰি মাতিছোঁ
হৰি বল হৰি,
জোকাৰি গল ৰাজ্য
চূৰ্ণ – বিচূৰ্ণ কৰি।

জনলোকৰ প্রাণহানি
বাসুন্ধৰাৰ জোকাৰণিত,
আমোদজনক জলধাৰা
ভূগৰ্ভৰ পৰা নিগৰিত।

কম্পন প্ৰৱন ভূমি
অসমৰ দুৰ্বলতা,
সম্পত্তিৰ বিস্তৰ ক্ষতি
জীৱন কালৰ অভিজ্ঞতা।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *