বাৰ্দ্ধক্য ,
উস ! বাৰ্দ্ধক্যৰ কথা নুসুধিবা মোক
বাৰ্দ্ধক্যৰ ছবি নেদেখুৱাবা মোক
সেই দুখৰ ছবি ——-
বিষাদৰ বাস্তৱ কৰুণ ছবি চাব নিবিচাৰোঁ‌ ,
বাৰ্দ্ধক্যৰ উপভোগ নিবিচাৰোঁ‌ এই ক্ষণত ।

শুকাবলৈ ধৰা গ্ৰন্থি বোৰ
লেৰেলি শুকাই যোৱা মাংস পেশী বোৰ
দেখিলে বৰ অশান্তি লাগে —
ভয় আৰু সংশয় আহি জুপুকা মাৰে —–
বৃদ্ধ পথৰ পথিক হোৱাৰ সময়ক
ফুলৰ থোপাৰে স্বাগতম নজনাওঁ‌ ।

যন্ত্ৰণাই ভাৰাক্ৰান্ত মনত দোলা দি যায় —–
বৃদ্ধাৱস্থাৰ ছবি দেখিলে ভয় সোমায় —
মূৰ আচন্দ্ৰনাই যায় যন্ত্ৰণাৰ কথা ভাবিলে ,
মন অশান্ত হৈ পৰে—–
সমস্যাৰ সাগৰত ঢৌ হৈ উটিব নোৱাৰোঁ‌ ।

সোণালী শৈশৱ——
উদণ্ড যৌৱনৰ মধুৰ সময় —-
কিয় স্থায়ী হৈ নাথাকে ——–
ধন দৌলত কিয় অস্থায়ী হৈ যায় —– —
নিজে সজা অট্টালিকালৈ মৰম হেৰায় —
নিজে ঘটা সম্পত্তি বোৰলৈ ঘৃণা ওপজে —
অহংকাৰ বোৰ কিয় জহি খহি যায় ?

বাৰ্দ্ধক্য ,
টুলুঙা নাওত উঠা জীৱনৰ সময়—–
নামোতে টুলুং ভুটুং কৰি ডুবিব পাৰে নাও,
পানীত পৰিলে ককবকাই থাকিব লাগিব,
নিঃসংগ জীৱনটো
১০৮ চাইৰেণ বজোৱা গাড়ীত উঠাই—–
ঢাপলি মেলিব নিৰ্দ্দিষ্ট ঠাই খনলৈ ,
আপোন জনে হুৱাদুৱা কৰিব—-
খবৰ লবলৈ যোৱা জনে ইচ আচ কৰিব।

পৌঢ়তা ,
এই অৱস্থা সকলোৰে চিনাকি ,
শোচনীয়া অৱস্থা জীৱনৰ বিয়লি বেলা—-
ভগ্ন স্বাস্থ্য পৌঢ় বেলাত ——
স্মৃতি ৰোমন্থন কৰা বেজাৰ লগা সময় —-
ছয় ৰিপুৱে আমনি কৰে এই সময়ত,
বেমাৰে খুলি খুলি খাই পৌঢ় বয়সত।

পকা চুলি,
সৌন্দৰ্য বিহীন মুখ খন——
শোটোৰা পৰা গাৰ ছাল ,
থৰক বৰক খোজ কাটল ,
ধূসৰ দৃষ্টি শক্তি ,
আৰু সেই লাখুটি ডাল ,
ঘণ্টাৰ পাচত ঘণ্টা বহি থকা চকী খন,
কেকাই কেকাই শুই থকা বিচনা খন
পানী আৰু ঔষধৰ টোপোলা বোৰ ,
উস ! জীবনৰ অসহ্য এই জ্বালা যন্ত্ৰণা !

আবেগ জাগে
লোভে আগুৱাই আহি জুমুৰি দিয়ে
অৱহেলিত যেন লগা এটি জীৱন,
চকু পানী নিগৰে হঠাৎ —–
কৰুণতাই আগুৰি ধৰে চিন্তাৰ মাজত — —
অতীতৰ কথা ফঁ‌হিয়াই চোৱাৰ সময় —-
এইয়াই কল্পনা বাৰ্দ্ধক্য সময়ৰ——
ইমান আলসুৱা সময় ,
মৰম বিচাৰি হাবাথুৰি খোৱাৰ সময়,
অনিদ্ৰা আৰু স্মৃতি ভ্ৰমৰ সময় ।

বাৰ্দ্ধক্য ,
অতি নিদাৰুণ সময় ,
বাস্তৱ হেৰুৱাৰ কঠিন সময় ,
ধন দৌলত মোহ ভঙ্গৰ সময় ,
পাপ পুণ্য বিচাৰ কৰি শূণ্য উত্তৰ প্ৰাপ্যৰ সময় ,
নিৰাশা আশাহীন সময় ,
কষ্ট পোৱা আৰু কষ্ট দিয়াৰ সময় ,
পেচাৱ পায়খানা কৰিবলৈ যাব নোৱাৰা সময়,
অজানিতে খং উঠাৰ সময় ,
বৰ বেদনা দায়ক নিকৰুণ,
উশাহ শেষ হোৱাৰ সময় ।

বৃদ্ধাৱস্থাত
সমস্যা বিপদ সীমাৰ ওপৰেদি বৈ যায় ,
হাঁ‌হাকাৰত ওপঙি ফুৰে মৰ্ম্মান্তিক বেজাৰ ,
দুখৰ লোটক ঢল হৈ বাগৰে
ভাঙি চিঙি উটুৱাই লৈ যায় সুখৰ সময় ,
এটি সৰু কোঠালী হয় আশ্ৰয় শিবিৰ,
মৰমতে দুই এজনে মৰম যাচে—–
এষাৰী মাত অমৃত যেন লগে,
স্পৰ্শত মন প্ৰাণ সজীৱ হৈ পৰে ।

সোলা দাঁ‌ত,
মৰহি যোৱা এজোৰী ওঁ‌ঠ ,
কবলৈ বিচৰা শব্দ ফুটি নোলোৱাৰ সময়,
এঢোক পানী খাবলৈও শক্তি হীন অৱস্থা,
কাপোৰ পিন্ধিবলৈও অসহায় ,
থৰ বৰক খোজ ,
উপভোক বুলিবলৈ দেখোন একোৱেই নাই ,
দুবেলা অন্ন খাবলৈও অনিচ্ছা অপাৰগ,
এইয়া জীৱনৰ অৱৰুদ্ধ কৰুণতা ।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *