ইমান মনোৰম
ইমান ধুনীয়া
হে পিতামহ- পৰম!
মনুষ্যই তোমাক কৰিছে ঘুনীয়া।
বিশ্বক তুমি মৰম দিছা,
হৃদয় উজাৰি চেনেহ দিছা;
সমস্ত জীৱমণ্ডলক
সাৱটি আদৰিছা।
মনুষ্যৰ নাই মমতা
হেৰুৱাইছে জ্ঞান-মতি
কি হব কি হব
বিশ্বৰ গতি?
তোমাৰ ধ্বংস লীলাত
সকলো তৎপৰ
নিৰ্মমতাৰ বলি তুমি,
ক্ষমা-ক্ষমা হে ঈশ্বৰ!

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *