ফেচবুকত চিনাকি৷ দিনটোত এবাৰ হলেও বেলকনিৰ বাৰান্দাত নবহিলে ভাল নালাগে৷ বেলকনিৰ বাৰান্দাত বহি মবাইলটো অন কৰি ব্যস্ত হওঁ অনলাইনত৷ ৰাস্তাৰ সিটো পাৰে তাইৰ ঘৰ৷ তাইয়ো খিৰিকীৰ কাষত বহি মবাইলত ব্যস্ত হৈ থকা দেখোঁ৷ সুন্দৰ মৰম লগা মুখখনি৷ দীঘল চুলিখিনিৰে তাইক আৰু বেছিকৈ মৰমিয়াল দেখায়৷

Read More

পাহী বৰ ৰাংঢালী ছোৱালী। সকলো সময়তে মুখত হাঁহি, মাক-দেউতাকৰ আলাসৰ লাৰু। দেউতাক এখন চাহ বাগিচাৰ মেনেজাৰ সেয়ে তাইৰ শৈশৱ আৰু যৌৱন কাল বাগানতে পাৰ হ’ল। চাহ বাগিছা খনত যেন তাইৰ প্ৰাণটো সোমাই আছে। গধুলি ৰিনিকি ৰিনিকি বাজি অহা মাদলৰ সুৰ, ঝুমুৰ গীতৰ লগেলগে ভাহি আহা সুমধুৰ বাঁহীৰ সুৰ, আ্হ তাইৰ মন প্ৰাণ চঞ্চলা কৰি তোলে। তাই আপোনপাহৰা হৈ যায়। সচাঁয়ে কথাটো নোহোৱা নহয় চাহ বাগিছাৰ সেউজীয়াই সকলোৰে মন আকৰ্ষণ কৰে কিছু মূহুৰ্তৰ বাবে হ’লেও মানুহে নিজৰ অতীতৰ সুমধুৰ স্মৃতিলৈ ঘূৰি যায়।

Read More

তোমাৰ ৰক্তিম কলিজাখন
এপাহি তেজাল ৰক্ত জৱা।
হৃদয়খন তেনেই ঠুনুকা,
তোমাক ফুচুলাবলৈ আনি দিম
তেজৰঙা গোলাপ।
তোমাৰ হাঁহিত ফুলিব এপাহি তগৰ,
চকুৰ পতাত নাচিব চাৱনি,
দুগালত জিলিকিব পলাশৰ
ৰঙা বগা সেন্দুৰীয়া হাঁহি।

Read More