শীতৰ মাদকতা——-
আৰু আমেজ লৈ
বৰদিনৰ ঘণ্টা ধ্বনি
আৰু কেৰলৰ সুৰে সুৰে,
তুমি তুমি অনুভৱ এটাই
মোৰ হৃদয়ত আমনি কৰিছে ।
তুমি আহিবা দেই——-
মোৰ দুৰ্বাৰ হেঁপাহক সাকাৰ কৰি,
তোমাৰ মৰমী হাতৰ স্পৰ্শৰে
হিঁয়া খন জুৰ পেলাবলৈ !
ৰৈ আছো তোমাৰ পৰশ লৱলৈ ।

তুমি আহিবা দেই——-
শীতৰ নিশা এটি কটাম
তোমাৰ তপত বুকুত
উম লৈ ।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *