নিয়ঁৰসিক্ত দুবৰিৰ দলিচাখনি শুভ্ৰ মুকুতাবোৰে জিল্-মিল্
জোনাক সিঁচি
ৰূপোৱালী বৰণেৰে
উজ্জ্বলাই তুলিলে|
ঠেটুৱৈ ধৰা পুহৰ
চেঁচা বতাহজাক লাগি
দেহা সিৰ্-সিৰাই গ’ল |
মানসপটত ভাঁহি উঠিল
এখন দূৰ্বিষহ ছবি
গুৱাহাটীৰ ৰেলআলিৰ কাষত
মুকলিত জীৱন কটোৱা
দৰিদ্ৰ জনসাধাৰণলৈ|
কোট,পেন্ট,জোতা-মোজাৰে
পৰিবেষ্টিত দেহত
ঠাণ্ডাৰ বা লাগি
গাৰনোম ডাল ডাল হোৱা
ঠাণ্ডাত মুকলি আকাশৰ তলত
দিন কটোৱা সকলৰ জীৱনৰ
দুৰ্বিষহতা কল্পনা কৰকচোন!
গোটেই ৰাতি ঘন-ঘোৰ কুঁৱলিৰ
মুক্ত আকাশৰ তলত
ঠেটুৱৈধৰা ঠাণ্ডা ৰাতি
এখন পাতল বস্ত্ৰ
পৰিধান কৰি পাৰ কৰিছে জীৱন|
পুৱতি পোহৰৰ লগে লগে
অন্বেষণ কৰিছে
জাৱৰ-জোঠৰ, ফটাকাগজাদিৰ
জুুই জ্বলাবলৈ;
নহ’লেযে ভৰি-হাত
হৈ পৰিছে জঠৰ;
একাপ গৰম চাহৰ
অনুভৱ হয় তেওঁলোকৰ;
কিন্তু সেয়াওযে দূৰ্লভ
তেওঁলোকৰ বাবে |

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *