হিন্দু নহয় মই মুছলীম নহয়

ধৰ্মীয় কুখ্যাত সন্ত্ৰাসবাদ
নহয় যদি উৎস্খাত
অৰ্থহীন অস্তিত্ব ৰক্ষাৰ আন্দোলন অৱৰোধ
হুংকাৰ প্ৰতিবাদ

সুৰক্ষিত কৰিবলৈ জাতিৰ অস্তিত্ব
মহানতম বীৰত্বৰে গঢ়িবই লাগিব জাতীয়তাবাদ

সবল অক্ষয় সত্যনিষ্ঠ সুৱদী সুৰীয়া
নিস্বাৰ্থ নেতৃত্ব নিষ্ঠ নীৰৱচ্ছিন্ন
জক্ মকীয়া জাতীয়তাবাদ

হিন্দু মুছলীম নহয় মই
নেজানো অধৰ্ম নেজানো অসত্য
নুবুজো নেজানো নেলাগে বৰ্ণবৈষম্য
অসমী আইৰ মই খিলঞ্জীয়া অসমীয়া বীৰপুত্ৰ

ভাষা সংস্কৃতি জাতিৰ অস্তিত্ব
কৰিমেই কৰিম সুৰক্ষিত
মোৰ তেজে তেজে তগ্ বগ্ কৰে
শ্বহীদৰ তেজেৰে গঢ়া
অপ্ৰতিৰোধ্য সব্যসাচী বীৰ্যবান বীৰত্ব

বাৰেৰহনীয়া অসম অসমীয়া ভাষা সংস্কৃতি
মোৰ অকহি পুৰুষীয়া আজন্ম স্বত্ব

হিন্দু নহয় মই
মুছলীম নহয়
অসমৰ অসমীয়া মই
অপ্ৰতিৰোধ্য মোৰ স্বদেশপ্ৰেমী বীৰত্ব

ৰাখিবলৈ অস্তিত্ব
জাতীয়তাবাদ গঢ়াতো আজি অনিবাৰ্য
অনিবাৰ্য অনিবাৰ্য
জন জাগৰণ জন ঐক্য

অনিৰুদ্ধ মোৰ উদাত্ত অগ্নিকণ্ঠ
অসমৰ খিলঞ্জীয়া অসমীয়া মই
হাতত হেংদাং অস্তিত্ব ৰক্ষাৰ ৰণতুৰ্য্য

আজন্ম বিপ্লৱী মহা পৰাক্ৰমী
অসমীয়া মই
অসমৰ ভূমি পুত্ৰ

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *