ইয়াত এখন নগৰ আছিল,
আছিল পুৱা গধূলিৰ নগৰীয়া ব্যস্ততা,
শাৰী শাৰী কৈ দোকানত ওলোমাই থোৱা আছিল চিপছৰ পেকেট বোৰ,
মোক খা মোক খা কৈ আছিল আপেল আঙুৰ আৰু কল বোৰ,
গণেশৰ পান দোকানৰ মুখত দুজন মানৰ ৰসাল আড্ডা বেছ জমিছিল,
চেকেণ্ড শ্ব’ চিনেমা চাবলৈ সোমাইছিল এজাক পুৰুষ মহিলা, কোনোৱে মমফলি খাইছিল আৰু কোনোৱে খাইছিল চনামিক্সাৰ।
বেউটিপাৰ্লাৰ খনৰ পৰা এজনী দুজনী কৈ ওলাই আহিছিল সুন্দৰী মহিলা, গোলাপী ওঁঠত মিচিকিয়া হাঁহি।
ডাক্তৰৰ চেম্বাৰ খনৰ আগত হাতত বেগ লৈ এদল মানুহৰ উৎকণ্ঠা।
ৰাস্তাত খোজ কাঢ়ি পাৰ হব নোৱাৰা গাড়ীৰ ভিৰ,
বাইকত প্ৰেমিক প্ৰেমিকাৰ আহ যাহ,
জিম্ টোত এদল পাহুৱাল ডেকাৰ উদূলি মুদুলি আবেলি।
সকলো এতিয়া স্মৃতি হল,
নগৰ খন অতীত হল।
মৰিশালীৰ নিস্তৱদ্ধতাত নৈ:শব্দ কোলাহল।
মাজে মাজে এখন দুখন এম্বুলেন্সৰ অহা যোৱা, কোনো খনত জীৱন্ত আৰু কোনো খনত নিথৰ মানৱ দেহা।
নগৰখন কিয় অতীত হল জানেনে?
কাৰণ মূখা পিন্ধা মানুহ বোৰে মূখাৰ ওপৰত মূখা পিন্ধিব নাজানিছিল,
কদৰ্য হাত বোৰ ধুব নাজানিছিল,
হৃদয়ৰ দূৰত্ব বঢ়াই বঢ়াই শৰীৰৰ দূৰত্ব বঢ়াব নাজানিছিল।
কাৰো কথা নুশুনা আকোঁৰ গোজ আছিল মানুহবোৰ।
নগৰ খন এতিয়া অতীত হল,
ইয়াত এখন নগৰ আছিল—- …..