কি সাধ্য কি অসাধ্য,
লক্ষ্যও তোমাৰ পদধূল;
চুম্বন কৰিবলৈ বাধ্য।
ধৈৰ্য্যৰ যি অফুৰন্ত সাধক,
তেঁৱে সুস্থিৰ মনোবলৰ বাহক।


ঘাত-প্ৰতিঘাত জীৱনত
অনেক-অজস্ৰ,
ধৈৰ্য্যই জীৱন যুদ্ধত
একমাত্ৰ নিপুণ অস্ত্ৰ।


ধৈৰ্য মানৱীয় গুণাধিকাৰী
প্ৰত্যেক জীৱনৰ মূলমন্ত্ৰ।
ধৈৰ্য্য বিনে নাই সাধনা-ধ্যান,
ধৈৰ্য্যশীল সাধনাত পায়;
সকলোৱে মুক্তিৰ জ্ঞান।
ধৈৰ্য্যই জীৱনত
বিফলতা কৰে দূৰ,
লক্ষ্যধাৰী জীৱনত
যোগাই নতুন সুৰ।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *