লাচিত তুমিহে অসমৰ বীৰ
তোমাৰ স্বপ্নৰ অসম
হৈ থকা নাই অসম
কেৱল বিশৃংখলতাৰ ভিৰ
বিলুপ্তিত তোমাৰ দৰে বীৰ
ৰাজনীতিৰ কৱলত হৈছে
অসমৰ গতি ধীৰ।
অসমৰ বিশাল মাটি
তোমাৰ বিনে হৈছে
ভ্ৰষ্টাচাৰৰ বিশাল ঘাটি
লুইত আমাৰ গৌৰৱ
নেতাৰ কথা বৰ বৰ
পাৰত বিদেশীয়ে সাজিছে ঘৰ
কিয়বা সকলো নিৰৱ?
হে লাচিত! তোমাৰ বিনে
অসমক ৰক্ষা দিব কোনে?
অসমক ৰক্ষা দিব কোনে?
অসমক ৰক্ষা দিব কোনে?

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *