কথাবোৰ মনত পৰিছে, ভাববোৰ উতলি আহিছে, দৃশ্যবোৰ ভাহি আহিছে চকুৰ আগত; বিশ্বব্ৰহ্মাণ্ডৰ একমাত্ৰ জীৱিত গ্ৰহ এইখন পৃথিৱী য’ত মই দেখা পাইছিলোঁ বিভিন্ন ৰঙৰ লুকা-ভাকু, সেউজীয়া, নীলাৰ সমাহাৰ, পৰিবৰ্তন হয় ৰামধেনুৰ সাতোটা ৰং৷
Category: কবিতা

তুৰ্য্য বাজে
সূৰ্য্য নাচে
গণ হুংকাৰত পৃথিৱী কঁপে
হেংদাংত জিলিকিছে মৰণ পণ
প্ৰতিবাদ বিপ্লৱেই আমাৰ জীৱন

বনজুইকোৰা বুকুত আজিও জ্বলি আছে
ভাহি আহে নিৰিহ বন্যপ্রাণীৰ আৰ্ত্তনাদ
মাৰ যোৱা নাই বাগজানৰ উত্তাপ
আপোনজনক হেৰুৱাই ক্ষত-বিক্ষত হৃদয়

মই কবিতা লিখো
কবি হোৱাৰ মানসেৰে নহয়
মই কবিতা ভালপাওঁ
এই কাৰণেই
ছন্দময়ী কবিতাৰ স্পন্দনে

সৃষ্টিৰ ৰহস্য মানৱ জীৱন
ঈশ্বৰৰ এক অনুপম অৱদান।
আহিছে মানুহ গৈছে মানুহ এই পৃথিৱীত
যশ খ্যাতিৰে ইতিহাস ৰচি বুৰঞ্জীত।

ন সূৰযৰ প্ৰভাতী কিৰণে
নতুন দিগন্তৰ সন্ধান দিব,
সকলোৰে দুখবোৰ ধুই নিব
অন্তৰত আঘাতবোৰ নোহোৱা হব
বেদনাৰ জুইকুৰা নুমাই যাব,

শীতৰ স্নিগ্ধ পৰশত
উদ্ভাসিত প্ৰতিটো ক্ষণ
জীৱনৰ আঁউসী বিলীন হৈ
জোনাকৰ লহৰ সানি
জীৱন্ত হওঁক প্ৰতিটো মধুৰ দিন।