হতাশা হুমুনিয়াহ ছানি ধৰা
সপোনৰ মায়াজাল বিধ্বস্ত হোৱা
দুৰ্দশাৰ এবছৰ ২০২০।
প্ৰদূষণ মুক্ত আকাশত

হতাশা হুমুনিয়াহ ছানি ধৰা
সপোনৰ মায়াজাল বিধ্বস্ত হোৱা
দুৰ্দশাৰ এবছৰ ২০২০।
প্ৰদূষণ মুক্ত আকাশত
নৈতিক আৰু আধ্যাত্মিক শিক্ষা অবিহনে আমাৰ আত্মা শুদ্ধ আৰু পৱিত্ৰ নহয়। নিজৰ প্ৰতিভাৰ দীপ্তিৰে জীৱন সুন্দৰ ৰূপত গঢ় দিব খোজা প্ৰতিজনৰে অতীব প্ৰয়োজন কৰ্মস্পৃহা, নিয়মানুৱর্তিতা, শৃংখলাবদ্ধ, সহিষ্ণুতা গুণ।
মই নিবিচাৰো,
মোৰ পৰিশ্ৰান্ত দেহৰ বাবে
লৱণু কোমল পাটী।
বেৰৰ জলঙাৰে আকাশৰ তৰা লেখি
মই শুনিব খোজো,
দূৰৈত সৌ হাঁহি থকা জোনটিয়ে
মোক হাত বাউলি মাতে তৰাৰ দেশলৈ,
জোনাকে ধুৱাই নিয়া সময়তে
এনেদৰেই পাৰ হয়,
মোৰ জীৰ্ণ উৰুখা পঁজাৰ পদুলিত
আইতাৰ কোলাত শুই,
কত বহাগ জেঠ আহাৰ শাওণ।
তোমাৰ দুচকুৰ জলন্ত অগ্নিশিখাত
দেই পুৰি মৰে কত জন,
ওঁঠৰ পৰাণ জুৰোৱা হাঁহিত জঁই পৰে
কহুঁৱা কোমল খৰিকাজাঁই।