এটি এটি কৈ সৰি পৰিল
মোক আকলুৱা মৰমৰ গোলাপৰ পাহি।
ভৱা নাছিলোঁ মোৰ আলসুৱা গোলাপৰ পাহি বোৰ,
অকালতে মৰহি যাব বুলি।

এটি এটি কৈ সৰি পৰিল
মোক আকলুৱা মৰমৰ গোলাপৰ পাহি।
ভৱা নাছিলোঁ মোৰ আলসুৱা গোলাপৰ পাহি বোৰ,
অকালতে মৰহি যাব বুলি।
গোমা আকাশৰ
কলিয়া ডাৱৰ ফালি
কাঁচিয়লি ৰদে পোহৰ মেলিছে।
প্ৰতি নিশ্বাসত পলে পলে দেখা মই পাওঁ
কেঁচা আলিৰ দাঁতিত
অচিনাকী মানুহৰ
মৃত দেহ
চকুত চকু থৈ—–
বাৰে বাৰে
আমনি কৰে!
মোৰ হৃদয়ৰ——
কেকুঁৰিটোৰ কাষত
জোপোহানিটোৰ আঁৰত দেখিলোঁ
কুঁৱলীৰ ফাঁকে ফাঁকে
এজাক কাউৰীৰ চিলমিলীয়া টোপনি!
তুমি নাই বাবে
তোমাৰ প্ৰতি উশাহে উশাহে
মোৰ দেহত প্ৰতি পলে পলে
বিৰিঙে তোমাৰ প্ৰেম!
শৈশৱৰ অজানিতে
আইৰ কোলাত
জীৱনৰ প্ৰথম হাঁহি
আইৰ এফাঁকি নিচুকনি
গীত শুনি শুনি।
কবিতা মোৰ মনৰ অনুভৱ,
কবিতাত ছন্দ মিলাই
ওৰে দিন ওৰে ৰাতি
পাৰ কৰোঁ যাযাৱৰী জীৱন।
বেলি উদয় হলে
ৰ’দৰ উত্তাপ বাঢ়ে
শীতৰ এচেৰেঙা ৰদে
প্ৰকৃতিৰ বুকুলৈ অনাৱিল সুখ
কঢ়িয়াই আনে।