কোনে কয় মোৰ সপোন নাই!!
তুমি নোহোৱাৰ দিন ধৰি
মোৰ সপোনবোৰেচোন ন-ৰঙেৰেহে পোখায়…

কোনে কয় মোৰ হাঁহি নাই!!
তুমি হাতৰ মুঠিত অতকাল আবদ্ধ
হাঁহিচম্পা মোৰ মুখাবয়ৱেচোন
আজি চৌদিশে সৌৰভহে বিলায়…

কোনে কয় মোৰ হেঁপাহ নাই!!
তুমি গচকি ৰখা মোৰ জীৱনটোৱে এতিয়া
ন-ৰূপেৰেহেচোন উকমুকায়…

কোনে কয় মোৰ জীৱন নাই!!
স্বাৰ্থপৰ পৃথিৱীত মূৰ তুলি জীয়াবলৈ
উৰ্বৰা পৃথিৱীখনেচোন মোক
অহৰহ ৰিঙিয়ায়…

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *