তুমি সাগৰৰ গভীৰতা জুখিব পৰা
তাৰ মানে এইটো নহয়
তুমি মোৰ ভাল পোৱা জুখিব পাৰিবা

তুমি বৰফ হৈ হিমালয়ত উঠিব পৰা
তাৰ মানে এইটো নহয়
তুমি মোৰ প্ৰেমৰ শীতলতা বুজিব পাৰিবা

তুমি জুইৰ হেলিহান শিখা সহ্য কৰিব পৰা
তাৰ মানে এইটো নহয়
তুমি মোৰ প্ৰেমৰ তীব্ৰদাহ বুজিব পাৰিবা

তুমি গভীৰ পাহাৰৰ মৌনতা বুজিব পৰা
তাৰ মানে এইটো নহয়
তুমি মোৰ হৃদয়ৰ নিস্তব্দতা বুজিব পাৰিবা

তুমি কি আকাশৰ নীনগুনা কি জুখিব পৰা
তাৰ মানে এইটো নহয় যে
এতিয়া তুমি মোৰ অন্তৰৰ ঠিকনা
বিচাৰি পাবা।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *