তোমাৰ অৱিহনে আজি দেখোন বৰকৈ আমনি কৰিছে কলীয়া ডাৱৰে মোৰে কলিজাত৷
শেৱালিৰ ফুলৰে সুগন্ধিত মতলীয়া হোৱা নিয়ৰৰ কণাইও নহঁহা হ’ল দুবৰিৰ দলিচাত৷
বুকুৰ মাজতে বৈ যোৱা নিৰবধি প্ৰেমৰ নদীখনিৰ কুলুকুলু সুৰে দুয়োকে হহুৱাই৷

হিয়াৰে ভিতৰত সযতনে সাঁচি থোৱা তোমাৰ সৌন্দৰ্য্যৰে জিলিকা ছবিখনে এতিয়া নিৰবে বৰকৈ কন্দুৱাই৷

মোৰ হৃদয়ৰ চৌপাশে বিৰাজিত তোমাৰ স্পৰ্শবোৰ ভাঁহি ফুৰিছে ভাৱনাবোৰ সংগোপনে ৷
তোমাক হেৰুৱাই মই এতিয়া বৰ অসহায় নুবুজিলোৱেই তোমাৰ সুউচ্চ মনৰ কল্পনাৰবোৰ আত্মগোপনে৷

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *