দগমগাই ফুলি উঠিছে মোৰ
ঘৰৰ আগৰ ৰঙা পলাশ জুপি।
হয়তু,
বহাগৰ মৰম কঢ়িয়াই
বহাগ আহি ৰলেহি মোৰ পদুলি মুখত।
বসুন্ধৰাৰ অনুপমা সৃষ্টিৰে
ৰঙীল সাজেৰে সাজোনমতী হৈ ধৰালৈ নামিল
মন ৰঙাই তোলা অসম,অসমীয়াৰ হেঁপাহৰ ৰাঙলী বহাগ।
ফাগুনজনী গুচি গ’ল অহা বাটেৰেই
এৰি থৈ গ’ল
এজাক মৰম,ভালপোৱাৰ
ৰঙা ৰঙ।
যাক দেখিও নেদেখো
এক অনামী অনুভৱৰ অবুজ
শিহৰণ।
নিস্তব্ধ হৈ পৰা নিশাত শুনো
কুলি জনীৰ হৃদয় জুৰোৱা মিঠা সুৰ
কেতেকী জনীয়েও বিনালে
কৰুণ সুৰেৰে গছৰ ডালত বহি
সুঁৱৰিছে
মৰমৰ আপোন জনক
এই বহাগতেই
নহয় জানো?
তুমি বহাগী,
নব্য জীৱন আৰু প্ৰেমৰ পূৰ্নতাৰ প্ৰতীক
তোমাৰ উমাল পৰশত
ৰূপে-ৰসে ফুলে-ফলে জাতিস্কাৰ হয় ধৰণী।
ৰঙৰ পোহাৰ তুমি
পলাশ-শিমলুৰ ৰঙেৰে
জিলিকাইছা
প্ৰকৃতিৰ ৰঙা কপালৰ ফোট।
জানা বহাগী,
যোৱাবাৰ নিষ্ঠুৰ মহামাৰী
কৰুণাৰ কবলত পৰি
তোমাক যে আদৰিবলৈও
নেপালো।
এইবাৰ,
যোৱাটো বহাগতে বৰপেৰাত
সাঁচি থোৱা মোৰ মৰমৰ
বিহুৱান খনেৰেই তোমাক
আদৰি আনিম।
তুমি আহা বহাগী,
মই আশাৰে ৰৈ আছো
তুমি অহালৈ
মোৰ ঘৰৰ মুখৰ পলাশৰ তলত।
তুমি আহিলে একেলগে
ৰাঙলী হবলৈ।