নালাগে তোৰ মৰম
নালাগে তোৰ প্ৰেৰণা
তই বিহীন এই জীৱন
অকলশৰীয়া মই
অকলশৰী পাৰ কৰিম জীৱন

নালাগে তোৰ মিচিকিয়া হাঁহি
নালাগে তোৰ দুবাহু পৰশ
নালাগে তোৰ মিছা সঁহাৰি
জীৱন মৰণৰ যুদ্ধ অকলেই কৰিম ৷

  নালাগে তোৰ মিছা প্ৰতিশ্ৰুতি
নালাগে তোৰ উকা বুকুৰ আলিংগন
নিজেই নিজকে সাৱটি ধৰিম
নালাগে তোক অকলেই
পাৰ কৰিম জীৱন

তোৰ নোহোৱা এই জীৱন
অকলশৰেই জীয়াই থাকিম
এইয়া মোৰ জীৱন কঠোৰ সিদ্ধান্ত
নালাগে আৰু তোক
নালাগে নকৰে আমনি

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *