মনৰ আশাবোৰ
দূৰ দিগন্ত ভেদি
পাখি মেলে আকাশ চুবলৈ|
নিয়ঁৰৰ মুকুতা সৰা
দুবৰিত খোজ থমকি ৰয়|


কুলৰ তলত ধিমিক্- ধামাক
জ্বলি থকা জোনাকী জাকে
মেলি দিয়ে আশাৰ পানচৈ|
নদীৰ কাষৰ শুভ্ৰ কঁহুৱাৰশাৰীবোৰেে
মন লৈ যায় দূৰ- দূৰলৈ|


আকাশেদি উৰি যোৱা
শৰালী জাকৰ চিঁ চিঁ শবদে
মনৰ মাজত দোলা দিয়েগৈ|
শাৰী শাৰী বগলীজাকে
অনাবিল মাদকতা আনে মনলৈ|


ক্ষণিকতে মন উৰা মাৰে আকাশলৈ
ক্ষণিকতে উৰা মাৰে সাগৰলৈ
ক্ষণিকতে উৰা মাৰে পাতালৰ বুকুলৈ|
অস্থিৰ মনৰ ঠিকনা বিচাৰি পাবা ক`ত?

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *