বন্ধু,
সময় যদি কৰিব পাৰা
যাবা চোন এপাক মাজুলীৰ ফালে।
সৃষ্টিকৰ্তাৰ যাদুকৰি পৰশত
প্ৰান পাই উঠা চতুৰ্দিশে
কেৱল সৌন্দৰ্যৰ বিপুল সম্ভাৰ
ঝাও বনৰ মাজে মাজে
সেউজীয়াৰে পূৰ্ন বননি
বিশাল চাপৰিত জাকে জাকে
গৰু ম’হৰ পাল।
পানীয়ে চোবাই খোৱা গাৱৰ
কলাসুলভ ভংগিমা।
পানীৰ ঢৌৰ তালে তালে
টুলুংভুটুং টুলুঙা নাও
ছৈ দিয়া নাৱত
জীৱনৰ সমস্ত বিষাদ পাহৰি
নাৱৰীয়াই টনা ভাটিয়ালি সুৰ।
আকাশত শৰালিৰ জাক
পানী যুঁৱলিত দেওহাঁহৰ যোৰা
বালিত বালিমাহি।
কি অপৰূপ ৰূপ মাধুৰী
মাজুলী খনৰ।
সেয়েহে,
বন্ধু তোমাক মাতিছো
তুমি হেনো ৰজাঘৰীয়া ফালৰ মানুহ।
বিশ্বৰ বৃহত্তম নদীদ্বীপ
অপৰূপ সৌন্দৰ্যৰে বিভূষিতা হৈয়ো
কিমান যে যন্ত্ৰনা লুকাই থাকে
মাজুলীৰ বুকুত।
মাজুলীৰ ৰূপ মাধুৰী উপভোগ কৰি থাকোতে
মোক যেন কোনোবাই হাত বাউলিছে।
জনাব বিচাৰিছে
আন্ধাৰৰ কোলাত যেন
লাহে লাহে খহনীয়াৰ কবলত পৰি
সৰ্বশ্ৰান্ত হেৰুৱা দুৰ্ভগীয়া
পৰিয়ালৰ ন্যায়ৰ বাবে কৰা
কৰুণ বিননিৰ সুৰৰ মালিতা।
কোনে বুজ লব?
সেয়েহে বন্ধু,
তুমি যদি সময় কৰিব পাৰা আহিবা।
তুমি মই মিলি মাজুলী নামৰ
নদীদ্বীপটোৰ বিষয়ে কথাপাতিম।
নিৰ্বাচন আহিলে দেখো
চিনাকি-অচিনাকি মুধা ফুটালোক।
মুখত কথাৰ ফুলজাৰি
দি যায় কামত নহা
এশএবুৰি প্ৰতিশ্ৰুতি।
নিষ্ঠুৰ-নিল্লৰ্জ মানৱৰ অত্যাচাৰ নীৰবে সহ্য কৰি
অন্তৰৰ সকলো বিষাদক নেওচি
ব্ৰজমুষ্টিৰে সকলো কষ্টৰ ভাৰ
কান্ধত জাপি লৈছে মাজুলীবাসীয়ে।
সেইবাবেই মাতিছো
ৰজাঘৰীয়া বন্ধু তোমাক কাতৰে।
এবাৰ হ’লেও বাৰিষাৰ
আগে আগে
পাক এটা মাৰিবাচোন
বিশ্বদৰবাৰত স্থান পোৱা
নদীদ্বীপ মাজুলী খনলৈ।