ভোগালীৰ পৰম্পৰা মাঘৰ মেজিঘৰ।
আনে সাজিছে আমিও সাজিম।
ঐক্য সংহতিৰে শংকৰ-মাধৱৰ আদৰ্শৰে
ভোজভাত খাম আনন্দেৰে।
মাতিম বৰপাইক, কণপাইক
অৰিহণা তুলিম সমানে সমানে।
নাথাকিব ধনী- দুখীয়াৰ ভেদাভেদ।
মাঘৰ মেজিঘৰ,দূৰ হব বিভেদ।

কৃষকৰ পথাৰৰ বড়াধান কেইটা
ভালকৈ শুকুৱাই, পিঠা-পনা বনাম।
জেষ্ঠজনক গুৱা-পানেৰে সেৱা জনাম।
উৰুকাৰ দিনা, পল,জাকৈ- খাৱৈ লৈ
ন-পুখুৰীত, চিতল বৰালি মাছ বুটলিম।
এনেদৰে প্ৰজন্মক পৰম্পৰাৰ জ্ঞান বিলাম।
পথাৰৰ শালি ধানৰ নৰা কাটিম।
এনেদৰেই গাঁৱত মাঘৰ মেজিঘৰ পাতিম।

আহিব বাৰ্ষিক সমন্বয়ৰ অসমীয়া বিহুটি।
আগবাঢ়ক, সকলোৱে পাতো মাঘৰ মেজিঘৰ।

Related Posts