পুহৰ এফাল দিন যোৱাতে
বনৰীয়া সুৰ এটিয়ে
শীতৰ লঠঙা বুকুত
ফু মাৰি বজালেহি সেউজীয়া বাঁহী
কুঁহিপতীয়া জাৰণিত ফুটুকীয়া চৰাই মাতে
মেলি দিলে সোণালী হাঁহি
দূৰণিৰ ৰং এটাই বান্ধিলেহি মোক
বুকুৰ ঘৰত লাগিল হেন্দোলদোপ
দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে হেঁপাহৰ উচপিচ
ভেলাঘৰ সজাৰ ৰঙত
ফুটুকী হৰিণী দেও দি নাচিল
সেন্দুৰ বুলীয়া আশা বুকুত বান্ধি
ম’হৰ শিং কপা ঠাণ্ডাটো
হাতত কাঁচি লৈ পথাৰে পথাৰে
নৰা কাটি ঢপলিয়াই ফুৰো সবে মিলি

নিয়ৰে তিতা মুখত এমোকোৰা হাঁহি লৈ
টিকটিকিয়া ৰঙাবেলি
বাহঁৰ আগত বহি
খেলে ল’ৰা ধেমালি
বিৰিণাৰ পাতে পাতে বতাহৰ ঢৌৱে
গুনগুনাই গুনগুনাই বনগীত জুৰে
হিয়া বন্ধা জোনাকী হেঁপাহ মনত লহপহাই বাঢ়ে
বেলিৰ পোহৰ থাকে মানে কাঁচিয়ে নৰা কাটো
পাঁজিসেৰিয়া হাতেৰে মুঠি মুঠিকৈ বান্ধো

ভোগালীৰ ভোগজৰাত
গাঁৱৰ পদূলি উদুলি মুদুলি
উলাহে নধৰে হিয়া
চুবুৰীয়ে চুবুৰীয়ে ভেলাঘৰ সাজি
হও আপোন পাহৰা
উৰুকাৰ নিশা অগ্নি প্ৰজ্বলিতং বন্দে মন্ত্ৰৰে
ধুনিশাল জ্বলাই
জুই উমেৰে হিয়া উপচাই
এবুকু মৰম এবুকু স্নেহ
ৰমকজমককৈ কলিজাত ফুলাই
মিলনৰ মজিয়াত ডেকা বুঢ়াই লগে ভাগে
ভোজভাত খাই
জাতিৰ ঐতিহ্যক উদ্ভাসিত কৰি
ভেলাঘৰৰ ৰং ৰূপ ৰাখিছো জীয়াই।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *