ক’ত মোৰ সেই সপোনৰ বালিচৰ
আয়ে-বোপায়ে সাজি দিয়া হেঁপাহৰ ভেলাঘৰ!!

ক’ত জুইক আগুৰি তাহানিৰ উৰুকাৰ ভোজভাত..
ক’ত হেৰাল ভাই-ভনী- আত্মীয়-স্বজনৰ এষাৰি মৌমিঠা আকুল মাত!!

ক’ত সেই কাহিলীপুৱাতে উঠি মেজি জ্বলোৱাৰ অঘোষিত প্ৰতিযোগিতা..
ক’ত এতিয়াৰ তীক্ষ্ণ বাণীৰে আপোনজনক আঘাত হনাৰ তিক্ততা!!

ক’ত অগ্নিদেৱতাক স্মৰি আশীষ লোৱাৰ উৎসুকতা…
ক’ত আজি আনক দহি চাৰখাৰ কৰি নিজে সুখী হোৱাৰ দৈন্যতা!!

ক’ত সেই ভোগালীৰ লাৰু-পিঠা-দৈ-ক্ৰীমৰ পোহাৰ…
ক’ত আজি পেটত গামোচা বান্ধি অলেখৰ ভোক নিবাৰণৰ বেপাৰ!

ক’ত ফূৰ্তিৰ নামত আনৰ জেওৰা-জপনা চুৰি কৰা সেইদিন..
ক’ত আপোনজনৰ তেজ চুহি জীৱন নিঃশেষ কৰা আজিৰ এই দুৰ্দিন!!

ক’ত অতীতৰ গাঁথাত লেটি লোৱা একালৰ সেই সুসময়…
ক’ত এতিয়া সময়ে জাহ নিওৱা মূল সুঁতিৰ নিৰন্তৰ অৱক্ষয়!!

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *