বাকৰুদ্ধ আজি জনতা
চাৰিওফালে উৰিছে
কেৱল অবিশ্বাসৰ ধোঁৱা।

ধুঁৱলি কুঁৱলিত
পথভ্ৰষ্ট দৰিদ্ৰই
ভোকৰ ভাতত
বিচাৰিব খোজে সৰগ।

সময়ৰ গতিত
পদপিষ্ট নি:শ্বজনৰ
ক্ৰন্দন আজি
মাথো অৰণ্যৰোদন।

ক্ষমতাৰ খকত
দবৰা দবৰি
বগৰা বগৰিত
অন্ধৰ লাখুটিয়ে
বাট হেৰুৱাই।

জোনাকে পোঁহৰ বিচাৰি
সাৱটি লয় আন্ধাৰ।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *