গীতি কবিতাৰ
ছন্দ সজাই
তুমিয়েই গঢ়িলা
কবিতাৰ সৌধ।
প্ৰকৃতিৰ ৰম্যতাক
হৃদয়ত থাপি
বিলাই গ’লা
সুগন্ধি গীতৰ সবাস।
নদ-নদী, পাহাৰ-পৰ্বত
লুইতক দিলা প্ৰাণ
সিচিলা তাত
গীতৰ কঠিয়া
জাতিক কৰি যুগমীয়া।
লুইতৰ ভাটিয়লি সোঁতত
ডিঙৰা মেলি
নাৱৰীয়াই গায়
তোমাৰেই অমিয়া গীত।
অন্তৰ উজাৰি
অসমী আইক দিয়া প্ৰেম
হৈ ৰ’ব চিৰসেউজ
অন্তৰৰ নীবিড় চুকত।