দুৰ্বিনিত দুৰ্বাসনাৰ দুৰ্বিপাকত
দুৰ্বাদল দৃষ্ট হয় দুৰ্বুদ্ধি

দুধৰ্ষ দুৰ্দৈৱ্যৰ দুৰ্বোধ্য দুৰন্ত দুৰ্নীতিপৰায়ন
দুৰাকাংক্ষাই
দীপ্ত কৰে
দৃপ্ত দুষ্প্ৰবৃত্তি

দুৰাচাৰী দুৰাভিসন্ধিৰ দুৰ্গন্ধই
দিগ্বিদিকে দীৰ্ঘায়ণ কৰে দলাদলি

দুস্তজ্য দুৰ্দম্য দস্তুৰ ই
দাৱানলাত্মক প্ৰবৃত্তি

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *