ডিফলুৰ সিপাৰত আয়োজিত সাংস্কৃতিক সন্ধিয়া!

ডিফলুৰ সিপাৰৰ মৌপিয়া জাক
হালধীয়া ফুলবোৰক লৈ সদা ব্যস্ত ।
আজি প্ৰফুল্লিত, ৰঙীন পৰিবেশ।
বিহঙ্গ,পশু বোৰে উলাহতে নাচিছে।
এশিঙীয়া গঁড়ৰ পৰিয়ালে আয়োজন
কৰিছে উৎসৱৰ,আনন্দৰ উৎসৱ।
চোৰাং চিকাৰীৰ বন্দুকৰ শব্দ আজি অতীত।
কালিকা লগা দিনবোৰ বিলুপ্ত, পৰিসমাপ্তি।
ডিফলুৰ সিপাৰত আয়োজিত
সাংস্কৃতিক সন্ধিয়া!!!

কোনোৱে গাইছে, কোনোৱে নাচিছে
আন কোনোৱে লুকাভাকু খেলিছে।
ৰৌ, বৰালি, ভকুৱা মাছ বোৰে
ডিফলু নদীত অক্টোপাছৰ দৰে নাচিছে।
জিলি আৰু ফৰিং কেইটাই আনন্দতে
ডাইন’চৰৰ দৰে বগাইছে,গাইছে গান।
সোমৰসৰ গিলাচ কেইটা লৈ হৰিণবোৰে
বাঘকেইটাক খাব দিছে, কি যে আনন্দ।
এনেদৰে ডিফলুৰ সিপাৰত আয়োজিত
সাংস্কৃতিক সন্ধিয়া, সাংস্কৃতিক সন্ধিয়া!!!

(কাজিৰঙাখন ডিফলু নদীখনে আগুৰি আছে। বন্যপ্ৰাণী হত্যাৰ হাৰ(বিশেষকৈ এশিঙীয়া গঁড়) হ্ৰাস পোৱাত আমি দাঁতিকাষৰীয়া গাঁৱৰ বাসিন্দা হিচাপে সচাকৈ সুখী।)

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *