দেউতা মনত পৰিছে বৰকৈ সেই ল’ৰালি দিনবোৰলৈ৷
দুহাতেৰে সাৱটি মৰমৰ মাতেৰে মৰম দিয়া সময়বোৰলৈ৷
বোকোচাত তুলি দ’কৈ পথাৰত নমাই দিয়া ক্ষণবোৰ৷
বিষাদে ভৰি পৰিছে আজি মনত পৰি সেই দিনবোৰ৷
বিহুত আনি দিয়া গুলপীয়া ফ্ৰকটো ভাঁহি উঠিছে দুচকুত৷
আনন্দত আত্মহাৰা হৈছিলোঁ পিন্ধিছিলো সেইদিনা উলাহত৷
হাত পাতি ধৰিছিল যেতিয়া মায়ে এচাৰি ডাল লৈ আহিছিল কোবাব৷
বুকুৰ মাজত নিৰাপদে সোমাই
পাইছিলো সকাহ৷
চাইকেলত তুলি লৈ স্কুলত থৈছিল সদায়৷
ঘুৰিব সময়তো বাৰে প্ৰতি চাইছিল পাছলৈ ঘনাই৷
এতিয়া যে নাই আমাৰ মাজত সেই অভাৱ কৰিবলৈ পূৰণ৷
নেদেখা দেশত থকাৰ দুবছৰে হ’ল দেখোন কেনেকৈ জনাওঁ৷

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *