বিয়াৰ আগত
প্ৰেমবোৰ হয় সাগৰৰ দৰে অতল,
ভালপোৱাবোৰ হয় গোলাপৰ
পাহিৰ দৰে মোলায়েম,
প্ৰেমবাৰ্তাবোৰ হয়
কুলিৰ মাতৰ দৰে শ্ৰুতি মধুৰ,
প্ৰকৃতিৰ প্ৰতিটো অংশতে
অনুভৱ কৰে এজনে আনজনৰ অনুবিম্ব।
মনবোৰ হয়
গংগাৰ দৰে পবিত্ৰ,
হৃদয়বোৰ হয়
আকাশৰ দৰে বিশাল।
কিন্তু বিয়াৰ পিছত
প্ৰেমবোৰ কাঢ়ি নিয়ে
সংসাৰৰ বোজাই,
ভালপোৱাবোৰ কাঢ়ি নিয়ে
ঘৰ,গাড়ী,বেংক-বেলেঞ্চৰ উচ্চাভিলাষাই,
প্ৰেমবোৰ কাঢ়ি নিয়ে
সন্তানৰ মোহ মায়াই।
পতি-পত্নীয়ে
সকলোতে অনুভৱ কৰে নিজৰ সন্তানৰ সুখ।
মনবোৰ ভৱত্য হৈ পৰে
সতি-সন্তানৰ মোহ মায়াত।
আকাশৰ বিশালতাক
পাহৰি দৌৰি ফুৰে সতি-সন্তানৰ
সুখৰ পিছত।