চেচুকীয়া এন্ধাৰেৰে শিপাই শিপাই
নাঙঠ ছোৱালীজনী সেউজীয়া হ’ল
পহিলা বহাগতে ৰঙাকৈ ফুলিল
পূৱৰ বেলিয়ে আথেবেথে সুধিলে
কি সাজে শুৱাব তোক সাজোনমতী
কি সাজে শুৱাব তোক
ছাঁতে শুকুৱা মুঠিতে লুকুৱা
সেই সাজেহে উপচাব দেহৰ ৰূপ
ফাগুনৰ পছোৱাৰ আচঁলেৰে গা ঢাকি তাই গাভৰু
সোণ হালধীয়া দেহাত ন – বসন্তৰ উলাহী ৰাগ
মনৰ ফুলনিত এজোনাক জোনাকী হাবিয়াস
কিছুদিনৰ পৰা তাইৰ মাকৰ বুকুত ভৰ কৰিছে
পথৰুৱা বাটেৰে উৰি অহা এটা নোদোকা সপোন
একেজনী মাথো জীয়েক কলিজাৰ উমত ফুলা
হেপাঁহৰ দুনৰি ভৰাই পাতিব বিয়া
তেল – মাহ-হালধিৰে নোৱাব ধোৱাব
বুকুৰ ঘৰত হাঁহি ধেমালিয়ে ৰজনজনাব
ঢোলে দগৰে জোঁৱাই আহিব
পদূলিত আয়তীৰ উৰুলিৰে মংগল চৰাব
পিছে যৌতুক—–
উৱলি যোৱা কামিজটো পিন্ধি দেউতাক
দিনৌ কামলৈ যোৱা
ৰাতি দুপৰলৈ জীৱনৰ যঁতৰ ঘুৰাই
যোৰা টাপলি মৰা
পানী গামোছাৰে পেট নেবান্ধি
ভোকৰ এসাজৰে জী থকা ঘৰখনে
পাৰিব জানো হেপাঁহৰ ফুলনি ফুলাব?