মাটি মাহ- কাঠআলু
খাঁহী মাংসৰ সোৱাদ ল’লো
খৰিকাতে তেলবিৰিঙা হাঁহৰ মাংস
আঁৰি মাছৰ জোল খনি
গোন্ধ আছে নাকত লাগি
ডেকা -বুঢ়া সবে মিলি ঢোলে-দগৰে বিহু বুলি
কণপোনাৰ কিৰিলিত ব’হাগে বান্ধিছে টঙালি!!
মেজিৰ তাপত কঁকাল সেকি
বিৰিয়াৰ পাতৰ হেন্দোলনি পথালোঁ খেদি।

মিঠা আলু – কাঠআলু , মাহকঁৰাই
দাঁতত পৰিলে মুৰমুৰাই
সুৰীয়া গীতৰ তালে তালে
গাভৰু জাকৰ কঁকাল হালে।

স্বপ্নাতুৰ দেশৰ মানুহ আমি হৃদয়ত অলেখ ঢৌ-ৰ বুলনি
নীলাকাশৰ মেঘৰ মোহনাত
মাঘৰ বিহুত মন দেখোন উৰুঙা।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *